Zephyr
Monday, 13 January 2014
গান, ৰাতি, কাৰণ, উৰুকা, ইত্যাদি.. 'কোন সুৰকাৰৰ বাঁহীৰ সুৰত মই আগুৱাই বাৰে বাৰে ৰওঁ থমকি.. কাৰ বিষাদভৰা কৰুণ হাঁহিয়ে মোক সোঁৱৰায় কত শত অতীত স্মৃতি..কাৰেনো চেনেহৰ এনাজৰীয়ে আজি.. মনৰ চকুত স্মৃতি মধুৰ..' এনেকৈয়ে হঠাতে গানটো মোৰ ওঁঠলৈ নামি আহে। হেবাঙৰ দৰে বহি ৰওঁ। কাৰণ বিচৰা কাহানিবাই বাদ দিছো। জীৱনৰ গতি ইমান খৰ, কাৰেইবা সময় আছে কাৰণ এটাৰ খামত গধূলিবোৰ সূৱাই থবলৈ! তথাপিও বতাহত মিহলি হৈ গান আহে। বতাহত বিষাদৰ গান বিয়পাৰ লগেলগে আহে গান। নিমগছৰ ফাঁকে-ফাঁকে জোনটো জিলিকি থাকে। কেতিয়াবা আকৌ দেবদাৰু গছৰ ফাঁকে-ফাঁকে। সেই ফাঁকবোৰেৰে ওলোৱা জোনাকৰ শাৰীবোৰেৰে গান চুঁচৰি নামি আহে। চহৰখন ইমান ব্যস্ত। ইমান ব্যস্ত ৰাতিবোৰ! জোনাকৰ শাৰী গণিবলৈ কাৰ সময় আছে! কাৰ সময় আছে, জোনাকেৰে চুঁচৰি অহা গানৰ শিশুক কোলাত তুলি লবলৈ! তথাপিও গান আহে। বছৰেকত এবাৰ-দুবাৰ হলেও আহে। বাকীবোৰ দিনত সময়ে মহঙা কৰি থোৱা গান সেইদিনা জোনাকৰ বজাৰত তেনেই উপলব্ধ আৰু সস্তা হৈ পৰে। প্ৰমাণ হৈ যায়, মানুহবোৰ এতিয়াও শিল হৈ যোৱা নাই। হৈ যায় প্ৰমাণ, বছৰেকত এদিন হলেও মানুহবোৰে শিলৰ চোলাবোৰ সুলকাই থয়, যিদিনা জোনাকৰ বজাৰত পানীৰ দৰত পোৱা যায় গান। যিদিনা বিষাদৰ গোন্ধ দেহত সানি বতাহজাক উৰি ফুৰে চহৰখনৰ ইমুৰৰ পৰা সিমুৰলৈ। মানুহবোৰ সেইদিনা মানুহ হৈ পৰে। সেইদিনা গানৰ শৰীৰপ্ৰাপ্তি হয়। মানুহবোৰ একোটা গান হয়। বছৰেকত এবাৰ নে দুবাৰ। ইমানবোৰ কাৰণৰ মাজত বিশেষ এটা কাৰণ বিচাৰি ফুৰাৰ সময় কাৰ আছে! কাৰ আছে সময়, বতাহত মিহলি হৈ থকা বিষাদৰ গোন্ধৰ পৰা কোনো বিশেষ গোন্ধ বিচাৰি উলিওৱাৰ! থাকক। এনেকৈয়ে থাকক। ঘড়ীৰ টিক-টিক শব্দত পাৰ হৈ যাওঁক উৰুকাৰ একোটা গোটা ৰাতি। সেই ৰাতিৰ খোজৰ খাঁজে খাঁজে জিলিকি উঠক গান। জোনাকৰাতি সাগৰপাৰৰ বালি জিলিকাৰ দৰে। কাৰ কি আহে যায়! কাৰণৰ গুৰিত চাকি নজ্বলিলেও আহিব গান। বিষাদ-মিহলি বতাহৰ জোনাকক মহীয়ান কৰাৰ অদ্ভুত মন্ত্ৰ থাকে। সেই মন্ত্ৰৰ বলতে ৰাতিৰ গৰ্ভত থিতাপি লয় গানে। জোনাকৰ চাদৰেৰে চুঁচৰি নামি আহে শিশুৰ দৰে- 'মনৰ চকুত স্মৃতি মধুৰ'.. বছৰেকত এবাৰ নে দুবাৰ!
bhgy
চ্স্চ্স
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)